ব্রেকিং নিউজ

স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
শিক্ষিত নিবনুৱালৈ ভাল খবৰ। এয়াৰপ’ৰ্ট অৰ্থৰিটি অফ ইণ্ডিয়া অৰ্থাত ভাৰতীয় বিমান প্ৰাধিকৰণত ওলাইছে চাকৰি। প্ৰাধিকৰণে খালী হৈ থকা প্ৰায় ৬০০ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

প্ৰকাশিত বিজ্ঞাপন অনুসৰি খালী হৈ থকা প্ৰায় ৬০০ পদৰ ভিতৰত আছে Junior Executive (Engineering) Civil (62), Junior Executive (Engineering) Electrical ( 84 ), Junior Executive-Electronics (440), Junior Executive-Architecture (10)।

এই পদসমূহৰ বিপৰীতে দৰমহাৰ নিৰিখ মাহে ৪০,০০০-১,৪০,০০০ টকা। পদসমূহৰ বাবে অনলাইনযোগে আবেদনৰ অন্তিম তাৰিখ ২১ জানুৱাৰী, ২০২৩।

স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
টেট উত্তীৰ্ণক খেদি খেদি প্ৰহাৰ কৰিলে আৰক্ষীয়ে। বিধানসভা ঘেৰিবলৈ যোৱা টেট উত্তীৰ্ণক আধা বাটতে বাধা দি খেদি খেদি আৰক্ষীয়ে প্ৰহাৰ কৰাৰ দৃশ্যই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, বিহাৰ বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। এই অধিৱেশনৰ মাজতে বিভিন্ন সমস্যাৰ বাবে সদনৰ ভিতৰত বিৰোধীয়ে চৰকাৰৰ বিভিন্ন নীতিৰ সমালোচনাৰে পৰিৱেশ হুলুস্থুলীয়া কৰি তোলাৰ সমান্তৰালকৈ বিধানসভাৰ বাহিৰতো প্ৰতিবাদেৰে উত্তাল হৈ পৰে।

বিশেষকৈ যোৱা ৩ বছৰে নিযুক্তিৰ পৰা বঞ্চিত হৈ থকা টেটে উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীয়ে নিযুক্তি লাভৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। টেট উত্তীৰ্ণ এইসকল যুৱক-যুৱতীয়ে হাতত ৰঙা গোলাপ লৈ বিধানসভা ঘেৰাও কৰাৰ উদ্দেশ্যৰে সমদল কৰি আগবাঢ়িছিল যদিও আধা বাটতে আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে।

স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ৰাজ্যৰ পশুপালন বিভাগত নিবনুৱাক প্রৱঞ্চনা। চাকৰি দিয়াৰ নামত বহু যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ। প্রৱঞ্চক অসীম সৰকাৰে যুৱক-যুৱতীৰ পৰা সংগ্রহ কৰে বহু ধন। প্ৰায় ৫০ হাজাৰৰ পৰা ১ লাখ টকালৈকে চাকৰি দিয়াৰ নামত ধন সংগ্রহ কৰে অসীম সৰকাৰে।

উল্লেখ্য় যে যুৱক-যুৱতীসকলক ভেট এছিচটেণ্ট পদত চাকৰি দিয়াৰ প্রলোভন দিছিল প্রৱঞ্চক অসীমে। ভেটেনেৰি কাউন্সিলৰ অধ্যক্ষৰ হস্তাক্ষৰেৰে ভুৱা নিযুক্তি পত্র প্ৰস্তুত কৰিছিল অসমীক চৰকাৰে। টকা সংগ্রহৰ পিছত আত্মগোপন কৰি আছিল প্ৰৱঞ্চক অসীম সৰকাৰ।

স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
চৰকাৰী চাকৰি মানেই যেন দায়িত্বহীনতা! যাৰ বাবে সাধাৰণ ৰাইজৰ চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা আহি পৰিলেই হুমুনিয়াহ কাঢ়িবলগীয়া হয়। এই অভিযোগ দীৰ্ঘদিনীয়া।

আনহাতে একাংশ চৰকাৰী চাকৰিয়ালে চৰকাৰী সময়সূচীৰ বিপৰীতে নিজৰ ইচ্ছানুসৰি কাৰ্যালয়লৈ অহা, অকৰ্তৃত্বশীল ভাৱে কাৰ্যালয়ত উপস্থিত নথকা আদি অতি চিনাকী দৃশ্য। কিন্তু এনে সুবিধাবাদী, পালমৰা চৰকাৰী চাকৰিয়ালৰ সুখৰ দিন অন্ত পৰাৰ দিশে।

কিয়নো চৰকাৰী চাকৰিয়ালে পালন কৰিব লাগিব কঠোৰ নিয়মাৱলী। ৰাজ্য চৰকাৰৰ চাকৰিয়াল বা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল বুলি কোনো কথা নাই, সকলোৱে পালন কৰিব লাগিব এই কঠোৰ নিয়ম।

কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে নতুন শ্ৰম নীতি। এই নতুন নিয়ম অনুসৰিয়েই এতিয়াৰে পৰা চৰকাৰী চাকৰি আৰু ব্যক্তিগতখণ্ডৰ চাকৰিৰ মাজত নাথাকিব বিশেষ প্ৰাৰ্থক্য।

স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
প্ৰতিশ্ৰুতিৰ জোৱাৰ ! গুজৰাট নিৰ্বাচন (Gujrat Election) ৰ পূৰ্বে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই উন্মোচন কৰিলে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ।

শনিবাৰে জে পি নড্ডাই মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, ৰাজ্যিক সভাপতি চি আৰ পাটিলৰ উপস্থিতিত এই ইস্তাহাৰ মুকলি কৰিছে। এই ইস্তাহাৰখনত উল্লেখ থকা প্ৰতিশ্ৰুতি অনুসৰি বিজেপিয়ে মূলতঃ যুৱ প্ৰজন্মৰ ভোটাৰ আৰু মহিলা ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে।

ইস্তাহাৰত বিজেপিয়ে ৫ বছৰত গুজৰাটৰ ২০ লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই সময়ছোৱাত ১ লাখ মহিলাকো নিযুক্তিৰ কথা কৈছে। ছাত্ৰীক বৈদ্যুতিক স্কুটি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰোপৰি দুটা সাগৰীয় খাদ্য উদ্যান, জলসিঞ্চন নেটৱৰ্ক স্থাপনৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

জেনারেল