ৰাজ্যৰ ভিতৰতে কৰ্কট ৰোগী সকলৰ হকে কাম কৰা প্ৰতিষ্ঠান পুৰস্কৃত


10/11/2021 21:21:11 PM   Moutushi         7332







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ ডিব্ৰুগড়ঃ ৰাজ্যৰ ভিতৰতে কৰ্কট ৰোগীসকলৰ হকে কাম কৰি অহা ডিব্ৰুগড়ৰ অগ্ৰণী কৰ্কট ৰোগৰ সজাগতা অনুষ্ঠান 'প্ৰতিশ্ৰুতি' য়ে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ত্যাগ আৰু একাগ্ৰতাৰে কৰ্কট ৰোগৰ চিকিৎসা, সামাজিক সহায়, উপশমী চিকিৎসা আৰু ঘৰুৱা উপশমী চিকিৎসা নেতৃত্বৰ ক্ষেত্ৰত অন্যতম অৱদান আগবঢ়োৱা আদি চাৰিটা শিতানত চাৰিগৰাকী ব্যক্তিক কৰ্মৰ সামান্য সামাজিক স্বীকৃতি প্ৰদান কৰাৰ লক্ষ্য হাতত লৈছে । এই উদ্দেশ্যৰে, ডিব্ৰুগড় জিলাখনৰ বহুজন দুখীয়া কেঞ্চাৰ ৰোগীক বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অশ্বিনী চৰণ চৌধুৰী সোঁৱৰণী সৰ্বোত্তম কৰ্কট ৰোগৰ সমাজসেৱা বঁটাৰে আজি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত সন্মানিত কৰা হয় । ইয়াৰ বাকী ৰোৱা শিতান সমূহত ক্ৰমে কাছাৰ কেঞ্চাৰ হাস্পতাল আৰু ৰিচাৰ্ছ চেণ্টাৰৰ সঞ্চালক ড০ ৰবি কান্নানক ডা: হেৰম্ব কুমাৰ ভৰালী সোঁৱৰণী উৎকৃষ্ট চিকিৎসা সেৱা বঁটা, ত্ৰিপুৰা চিকিৎসা সেৱা আগবঢ়াই থকা এন.এইচ.এম.ৰ প্ৰগ্ৰেম অফিচাৰ তথা বিশিষ্ট ৰেডিয়েছন অ'ঙ্কল'জিষ্ট ডা: অৰূপ ৰয় বৰ্মনক ড০ প্ৰহ্লাদ কুমাৰ বৰুৱা সোঁৱৰণী উপশমী সেৱা বঁটা আৰু ডিগবৈৰ পেইন এণ্ড পেলিয়েটিভ কেয়াৰ ছ'ছাইটিক প্ৰয়াত ডি.কে.গগৈ শাস্ত্ৰী সোঁৱৰণী ঘৰুৱা উপশমী চিকিৎসা নেতৃত্ব বঁটা প্ৰদান কৰা হ'ব । আজি অনুষ্ঠিত সভাখনত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক স্বেতাংক মিশ্ৰৰ লগতে প্ৰতিশ্ৰুতি সংগঠনৰ বিভিন্ন বিষয়ববীয়া সকলো উপস্থিত থাকে ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :