10/11/2021 21:33:49 PM Moutushi 4603
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
মৰিগাঁওঃ মৰিগাঁও জিলা ক্ৰীড়া সন্থা আৰু ভূৰবন্ধা আঞ্চলিক নৱজ্যোতি সংঘৰ উদ্যোগত ভূৰবন্ধা আঞ্চলিক নৱজোতি সংঘৰ খেল পথাৰত যোৱা ৭ নবেম্বৰ পৰা অনুষ্ঠিত হৈ থকা মহিলা ফুটবল খেলৰ আজি চতুৰ্থ দিনত দুখনকৈ খেল অনুষ্ঠিত হয়।আজি অনুষ্ঠিত হোৱা প্ৰথম খন খেল বহা ক্ৰীড়া খেল পথাৰত অনুষ্ঠিত হোৱা বিপৰীতে দ্বিতীয় খন খেল ভূৰবন্ধা আঞ্চলিক খেল পথাৰত অনুষ্ঠিত হয়। প্ৰথম খন খেল ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত অনুষ্ঠিত হোৱাৰ লগতে দ্বিতীয় খন মাৰ্ঘেৰিটা আৰু ধেমাজি মহিলা ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। খেলত ধেমাজি দলে মাৰ্ঘেৰিটা লগত ১-০ গ'লত আৰু ডিব্ৰুগড় দলে গুৱাহাটী দলক ৪-১গ'লত পৰাস্ত কৰি ধেমাজি আৰু ডিব্ৰুগড় দলে জয়লাভ কৰে। আজি দুয়োখন খেলতে দল কেইটাই শক্তিশালী খেল পৰিবেশন কৰে ।