10/11/2021 21:35:43 PM Moutushi 9133
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ বঙাইগাঁওঃ বঙাইগাঁৱতো আজি উদযাপন কৰা হয় ষট্ পূজা। বঙাইগাঁৱৰ ডাংতল, টুনীয়াপাৰ, পালপাৰা, চাহ বাগান আদি ঠাইত ভক্তসকলে আজি আবেলি অস্তগামী সূৰ্যক পূজা কৰে। কাইলৈ পুৱা উদিত সূৰ্যৰ পূজাৰে ষট্ পৰ্বৰ অন্ত পৰিব। বঙাইগাঁও চহৰৰ বঙাইগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ প্ৰতিমা বিসৰ্জন ঘাটত, নিউ বঙাইগাঁৱৰ টুনীয়া নৈৰ পাৰত আৰু ডাংতলৰ প্ৰতিমা বিসৰ্জন পুখুৰীত ভক্তসকলৰ ভিৰ অধিক আছিল। জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ কিছুমান ঠাইতো ষট্ পূজা উদযাপন কৰা হৈছে।