10/11/2021 22:11:19 PM Moutushi 4607
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ বৰপেটাঃ ভাৰতীয় গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰতি নৱ-প্ৰজন্মৰ যুবক-যুৱতী সকলক আকৃষ্ট কৰাৰ বাবে আজি বৰপেটা জিলা নিৰ্বাচন বিভাগৰ উদ্যোগত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অবিভক্ত বৰপেটা জিলাৰ আগশাৰীৰ ১৫ খন শিক্ষানুষ্ঠানৰ ২০ টা দলে অংশগ্ৰহণ কৰা এই কুইজ প্ৰতিযোগিতাত বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দলে প্ৰথম স্থান অধিকাৰ কৰে। সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ে দ্বিতীয় আৰু বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ দলে তৃতীয় স্থান লাভ কৰে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে বিএইছবি মহাবিদ্যালয়ৰ অধ্যক্ষ ড: বিৰিঞ্চি কুমাৰ দাস আৰু মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক পাৰ্থ প্ৰতিম চৌধুৰীয়ে। তেওঁলোকক সহযোগ কৰে বৰপেটা বিদ্যাপীঠৰ শিক্ষক উজ্বল দাসে। বৰপেটা জিলাৰ নিৰ্বাচন বিভাগৰ 'ছুইপ' কোষ অৰ্থাৎ পদ্ধতিগত মতদাতা শিক্ষণ তথা নিৰ্বাচক অংশীদাৰীত্ব কাৰ্যসূচী কোষৰ দ্বাৰা আয়োজিত এই আকৰ্ষণীয় অনুষ্ঠানটোৰ সামগ্ৰিক আয়োজনৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে বৰপেটাৰ নিৰ্বাচন বিষয়া ময়ুৰাক্ষী দত্ত আৰু অধ্যাপক দল পাঠকে ।