10/11/2021 22:13:57 PM Moutushi 10693
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ ডিব্ৰুগড়ঃ আজি বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াৰ পূৰ্ণাংগ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ডিব্রুগড় জিলা উপযুক্তৰ কার্যালয়ৰ সমীপত উন্মোচন কৰা হয় । সাহিত্য অকাডেমিৰ সচিব ড° কে. শ্ৰীনিবাস ৰাওৱে প্ৰতিমূৰ্তিটো উন্মোচন কৰে।প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছিল প্ৰখ্যাত ভাস্কৰ্য শিল্পী বিৰেণ সিংহই। উল্লেখ্য সুধাকণ্ঠ ড ভূপেন হাজৰিকাৰ পিছতে জীৱনকালত এগৰাকী বৰেণ্য ব্যক্তি, সু সাহিত্যিক, অধ্যাপক নগেন শইকীয়াৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে। বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহই প্ৰায় ১১ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰে। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে ড০ নগেন শইকীয়াই প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। তেখেতৰ পৰিয়ালৰহৈ সহধৰ্মিনী লাৱণ্য শইকীয়া উপস্থিত থাকি নিজৰ স্বামীৰ প্ৰতিমূৰ্তি দেখি অভিভূত হৈ পৰে।