10/11/2021 22:17:53 PM Moutushi 10684
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
বৰপেটাঃ বৰপেটা চহৰত আজি পুৱাৰ ভাগত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ড ৷ বৰপেটা চহৰৰ শান্তি নগৰত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত সম্পুৰ্ণৰূপে ভস্মীভূত হয় দুটাকৈ ঘৰ ৷ চহৰখনৰ মেটুৱাকুছিৰ শান্তিনগৰ নিবাসী সোণ বৈশ্যৰ ঘৰত থকা থাপনাত জ্বলোৱা চাকিৰ জুইৰ পৰাই সূত্ৰপাত হয় এই অগ্নিকাণ্ড ৷ জ্বলি থকা চাকিটো পৰি যোৱাৰ ফলত ঘৰৰ অন্য অংশত অগ্নি সংযোগ হোৱাৰ লগতে ৰন্ধন গেছৰ চিলিণ্ডাৰো জুইৰ সংস্পৰ্শ লৈ আহে ৷ ফলত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়। ফলত অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ জুইৰ লেলিহান শিখাই ধনন দাস নামৰ আন এজন লোকৰ ঘৰকো আগুৰি ধৰে। ৷ সোণ বৈশ্যৰ ঘৰটোৰ লগতে ধনন দাসৰ ঘৰটো সম্পুৰ্ণ ৰূপে ভস্মীভূত হয় ৷ ইপিনে , অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডটোৰ ফলত পৰিয়াল দুটাৰ ঘৰ বাৰী সহ কেবালক্ষ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ৷