*ৰশ্মিতা শইকীয়াৰ “ অশ্ৰুকন্যাৰ সাধু “ শীৰ্ষক গ্ৰন্থ খনৰ উন্মোচন*


31/12/2021 15:06:50 PM   Moutushi         24642







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
নগাঁও প্ৰেছ ক্লাবত বৃহস্পতিবাৰে এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷ ৰশ্মিতা শইকীয়াৰ “ অশ্ৰুকন্যাৰ সাধু “ শীৰ্ষক গ্ৰন্থ খনৰ উন্মোচক হিচাপে উপস্থিত থাকে সাংবাদিক চায়ামণি ভূঞাঁ ৷ নগাওঁ প্ৰেছ ক্লাবত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভা খনত চলচিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱা , আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ , সাংবাদিক শৈলেন শইকীয়া উপস্থিত থাকে ৷

নাৰীৰ জীবনক লৈ ৰচনা কৰা অশ্ৰুকন্যাৰ সাধু এখন উপন্যাস ৷ বিভন্ন সংঘাট পূৰ্ন জীবনৰ মাজত এগৰাকী নাৰীয়ে সদায় আগুৱাই যাবলৈ শিকা ঘটনা প্ৰবাহক লৈয়ে ৰশ্মিতা শইকীয়াই উপন্যাসখন ৰচনা কৰিছে ৷ গ্ৰন্হখনি প্ৰকাশ কৰিছে আলিবাট প্ৰকাশনে ৷ গ্ৰন্হ উন্মোচনী সভাখনি আত ধৰিছিল প্ৰাঞ্জল কুমাৰ মহন্তই ৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :