02/01/2022 15:43:20 PM Moutushi 41255
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অসীমে যার হারাল সীমা’ আৰু ‘১৯৬২’ ক্ৰমে – কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাস ‘অসীমত যাৰ হেৰাল সীমা’ আৰু জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ যুদ্ধ-বুৰঞ্জীৰ ওপৰত ৰচিত ‘১৯৬২’ৰ বাংলা সংস্কৰণ প্ৰকাশ কৰি উলিয়াইছে ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে। দেওবাৰে অসম গ্ৰন্থমেলা ২০২১-ত উন্মোচন কৰা হ’ব ড° অনামিকা ৰায়ে বাংলা ভাষালৈ অনুবাদ কৰা এই জনপ্ৰিয় গ্ৰন্থ দুখন । উল্লেখনীয় যে, দশক দশক ধৰি পঢ়ুৱৈ সমাজত জনপ্ৰিয়তা অৰ্জন কৰি অহা আৰু আটাইতকৈ বেছি বিক্ৰী হোৱা গ্ৰন্থ ‘অসীমত যাৰ হেৰাল সীমা’ উপন্যাসখনে প্ৰথম প্ৰকাশ হোৱাৰ পৰা ৭৫ টা বৰ্ষ অতিক্ৰম কৰিলে।
সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া উপন্যাসখনৰ প্ৰকাশৰ এই বিশেষ সন্ধিক্ষণত ইয়াৰ বাংলা সংস্কৰণেও পাঠক সমাজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰিছে দুয়োখন গ্ৰন্থৰ প্ৰকাশক ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে। এই গ্ৰন্থ দুখন আনুষ্ঠানিকভাবে মুকলি কৰিব ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য অধ্যাপক অমলেন্দু চক্ৰৱৰ্তী আৰু অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ব্ৰিগেডিয়াৰ (অ:) ৰঞ্জিত বৰঠাকুৰে। এই গ্ৰন্থ উন্মোচনী সভাখন চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ লক্ষ্মীনন্দন বৰা সভাগৃহত ২ জানুৱাৰী ২০২২ তাৰিখ দেওবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত কৰা হ’ব।