গোৰেশ্বৰত সোঁৱৰণী গ্ৰন্থ উন্মোচন আৰু স্মৃতিচাৰণ সভা সম্পন্ন


04/01/2022 22:33:03 PM   Moutushi         26610







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
গোৰেশ্বৰ
: বাগসা জিলাৰ গোৰেশ্বৰত ২ জানুৱাৰীত প্ৰয়াত মজমিল আলী বাসগৃহত প্ৰয়াত নাহাৰুণ নেছা বেগম সোঁৱৰণী গ্ৰন্থ “ মা” উন্মোচন কৰা হয়। দিনৰ দহ বজাত এই উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনাৰ পিছতে আৰম্ভ হয় গ্ৰন্থ উন্মোচনী আৰু স্মৃতি চাৰণ সভা। সভাৰ সভাপতিত্ব কৰে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰুণা কান্ত ডেকাই। সভাত কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি প্ৰয়াত নাহাৰুণ নেছা বেগমৰ স্মৃতি সোঁৱৰণ কৰে। ইপিনে এই উপলক্ষে জয়ন্ত কুমাৰ শৰ্মাৰ দ্বাৰ সম্পাদিত সোঁৱৰণী গ্ৰন্থ “ মা” উন্মোচন কৰে গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অজিত তালুকদাৰে। অনুষ্ঠানত সংগীত শিল্পী টুটুমণি দত্ত, নৃপেন ডেকাই সুন্দৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। সভাত বাগসা জিলা সাহিত্য সভাৰ সভাপতি মাধৱ চন্দ্ৰ কলিতা, বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আল্পনা সৰকাৰ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰিপ্ৰসাদ ভূঞা, খবিৰুদ্দিন আলী আহমেদ, বাণী শৰ্মাৰ লগকে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্মৃতিচাৰণ সভাত অৱসৰপ্ৰাপ্ত অধ্যাপিকা আলপনা সৰকাৰ ডেকা ,বাগসা জিলা সাহিত্য সভাৰ সভাপতি মাধব চন্দ্ৰ কলিতা ,বাণীকান্ত চক্ৰৱৰ্তী আদিকে ধৰি বিভিন্নজন বক্তাই সৰবৰহী মহিলা গৰাকীৰ পুত্ৰই লোৱা ভূমিকাক ভূয়সী প্ৰশাংসা কৰাৰ লগতে গোৰেশ্বৰ এলেকাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা বুলি উল্লেখ কৰে। অন্তৰা হুছেইনে আঁতধৰা স্মৃতিচাৰণ সভাত কেইবাজনো শিল্পীয়ে কবিতা আবৃত্তি লোকগীত ,জিকিৰ জাৰী ,ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো জীপাল কৰি তোল। উল্লেখনীয় যে নাহাৰুণ নেচা বেগমৰ সোঁৱৰণত প্ৰকাশ কৰি উলিওৱা “মা“ গ্ৰন্থখন সম্পাদনা কৰে কবি ডাঃ জয়ন্ত কুমাৰ শৰ্মাই ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17803
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :