08/01/2022 13:01:51 PM Moutushi 53112
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ বঙাইগাঁও: যোৱা তিনি নৱেম্বৰত পৰলোক প্ৰাপ্তি হোৱা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বঙাইগাঁৱৰ বাৰোৱাৰী পূজা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক, বঙাইগাঁৱৰ ৰাসোৎসৱ শতবৰ্ষীয় সমিতিৰ সম্পাদক, বঙাইগাঁৱৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সম্পাদক তথা সমাজকৰ্মী বিনোদ কুমাৰ ভাগৱতীৰ স্মৃতিত বঙাইগাঁৱত এখন সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰা হয়। প্ৰয়াত ভাগৱতীৰ ওপজা দিন উপলক্ষে আজি বঙাইগাঁৱৰ বৰপাৰাত থকা বাসভৱনত অনুষ্ঠিত এখন সভাত গ্ৰন্থখন উন্মোচন কৰা হয়।