14/01/2022 18:00:35 PM Moutushi 24763
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
উত্তৰ অসমৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান মাধৱদেৱ বিশ্ব বিদ্যালয়ত বুধবাৰে বিশিষ্ট লেখক-সাহিত্যিক চন্দ্ৰ হাজৰিকাৰ দ্বাৰা সম্পাদিত ’অঙ্কীয়া নাট-ৰূপ,ৰস আৰু তত্ত্ব’ নামৰ প্ৰায় ৪০০ পৃষ্ঠাৰ এখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক যোগেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত গ্ৰন্থখন উন্মোচন কৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক তথা বিশিষ্ট লেখক-গৱেষক ড০ অৰবিন্দ ৰাজখোৱাই ।
সভাখনত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দিবাকৰ চন্দ্ৰ ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰাৰ বিপৰীতে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়ক ড০ ক্ষীৰপদ দত্তই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে । সভাখনত অধ্যাপক সত্যেন্দ্ৰ বৰদলৈ, ড০ চিত্ৰলেখা ফুকন,সত্ৰীয়া সংস্কৃতিৰ সাধক উপেন চন্দ্ৰ বৰুৱা আৰু গৌতম কাকতিয়েও অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ।
গাম্ভীৰ্যপূৰ্ণ সভাখনত ডা০ অতুল চন্দ্ৰ খাউণ্ড,ড০ ক্ষীৰোদ ফুকন,ড০ দীক্ষিতা ভূঞা,তানছেং খাংকেও,ড০ নিখিল হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট লেখক-সাহিত্যিক,গণ্য মান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিয়ে গ্ৰন্থখনৰ সম্পাদনাৰ লগত জড়িত চন্দ্ৰ হাজৰিকাৰ পদক্ষেপৰ সলাগ লয় ।