ভুপেন বৰাই লিখা কবিতাই এতিয়া গৰম কৰিছে অসমৰ ৰাজনীতি


27/01/2022 16:47:54 PM   Moutushi         22285







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই লিখা কবিতাই এতিয়া গৰম কৰিছে অসমৰ ৰাজনীতি। বৰাৰ কবিতাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই কলে- ভুপেন বৰা হৈছে পানী নোহোৱা ফায়াৰ ব্ৰিগ্ৰেড। আৰু পানী নথকাকৈ জুই কেনেকৈ নুমুৱাব।

প্ৰদেশ কংগ্ৰছেৰ সভাপতি বৰাক লগতে কটাক্ষ কৰি মন্ত্ৰী হাজৰিকাই কয়- ভূপেন বৰাই আজিকালি নতুন পেছা আৰম্ভ কৰিছে, কবিতা লিখা। কাৰণ তেওঁ জানে যে তেওঁ আৰু কোনো নিৰ্বাচনত জিকিব নোৱাৰে।”

জয়-পৰাজয়ৰ প্ৰসংগ টানি আনি মন্ত্ৰী হাজৰিকাই কয়- তিনিটা নিৰ্বাচনত তেওঁ ক্ৰমান্বয়ে হাৰিছে। ভূপেন বৰা এজন ফেইলড পলিটিচিয়ান। গতিকে তেঁও নতুন পেছা এটা লৈছে কবিতা লিখা কাম। ভূপেন বৰাৰ নতুন পেছাক মই শুভেচ্ছা জনাইছোঁ।”




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17800
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        poem written Bhupen Bara heated politics Assam