05/02/2022 17:14:51 PM Moutushi 67885
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
শুকুৰবাৰ অসমীয়া তথা শংকৰী সকলৰ প্ৰাণকেন্দ্ৰ পশ্চিম বংগৰ মধুপুৰ সত্ৰত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি আৰু ঐতিহ্য সংৰক্ষণ শীৰ্ষক আলোচনাচক্ৰ আৰু ‘কেনে আছে মধুপুৰ’গ্ৰন্থ উন্মোচনী অনুষ্ঠিত হয়। ধৰ্মাচাৰ্য মাধৱ দেৱমহন্ত সম্পাদিত গ্ৰন্থখন উন্মোচন কৰে মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তদেৱে।
সাঁচিপতীয়া পুথি আৰু ঐতিহ্য সংৰক্ষণ শীৰ্ষক আলোচনাচক্ৰ আৰু ‘কেনে আছে মধুপুৰ’গ্ৰন্থ উন্মোচনী অনুষ্ঠানখনত পশ্চিম বংগৰ হৰিপুৰ সত্ৰৰ সত্ৰাধিকাৰ অখিল সূত্ৰধৰ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যাপক ড০পৰশমণি দাস,শিৱসাগৰৰ বেতবাৰী, ওদালগুৰি জিলাৰ গেলাবিল সত্ৰ ,শুৱালকুছিৰ হাটিসত্ৰৰ ভকত তথা মধুপুৰ সত্ৰৰ ভকতসকল উপস্থিত আছিল।