16/02/2022 23:02:09 PM Moutushi 18406
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
বোকাখাতঃ কমলেশ্বৰ ৰাজখোৱা ফাউন্ডেশনৰ উদ্যোগত তথা প্ৰয়াস অধ্যয়ন চক্ৰৰ সহযোগত আজি বোকাখাত জাতীয় বিদ্যালয়ৰ বকুল তল প্ৰাংগনত আজি ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ অজন্তা ৰাজখোৱাৰ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। মনালিছা শইকীয়াই আত ধৰা অনুষ্ঠানত সোনেশ্বৰ নৰহে আদৰণি ভাষন দিয়ে। ডঃ অজন্তা ৰাজখোৱাৰ "১২গৰাকী অসাধাৰন নাৰী" গ্ৰন্থ উন্মোচন কৰে ডঃ লুকুমনি গোস্বামীয়ে, "পখীৰ পৃথিবীত হিয়া" শিশু গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক দিলীপ ফুকনে, "বিষয় নাৰী" গ্ৰন্থ উন্মোচন কৰে কবি নিজৰা বৰঠাকুৰে। সভাত কমলেশ্বৰ ৰাজখোৱা ফাউন্ডেশনৰ সভাপতি অমূল্য বৰা, প্ৰয়াত কমলেশ্বৰ ৰাজখোৱাৰ পত্নী নীলিমা ৰাজখোৱা, জে, দি, এছ, জি মহাবিদ্যালয়ৰ অধ্যাপক ডঃ অৰুন বৰা, আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভবেশ শইকীয়া, পুতলী খাওন্ড আদি উপস্থিত থাকে। নীলাক্ষী হাজৰিকা, গীতা ৰাজখোৱা, সুদেষ্ণা তামূলী আদিয়ে গীত পৰিৱেশন কৰে।