04/04/2022 14:20:43 PM Moutushi 30
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰোড অইলৰ মূল্য ১০০ ডলাৰতকৈ হ্ৰাস পাইছে যদিও ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ বিপৰীতে প্ৰতিদিনে প্ৰায় ৮০ পইচাকৈ বৃদ্ধি পাইয়েই আছে। তেল বিপণন কোম্পানীবোৰে সোমবাৰেও বৃদ্ধি কৰিলে পেট্ৰ’ল আৰু ডিজিলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰ’লত ৪২ পইচা আৰু ডিজেলত ৪ পইচাকৈ বৃদ্ধি কৰিলে তেল বিপণন কোম্পানীসমূহে।
দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছৰ পৰাই আৰম্ভ হৈছিল পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰক্ৰিয়া। নিৰ্বাচনৰ পূৰ্বে দীৰ্ঘদিন পেট্ৰ’ল আৰু ডিজেলৰ মূল্য স্থিৰ হৈ থকাৰ পিছত ২২ মাৰ্চত প্ৰথমবাৰৰ বাবে বৃদ্ধি কৰা হৈছিল পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। মাৰ্চৰ মাহটোত ২২ তাৰিখৰ পৰা ৩১ তাৰিখলৈ মাজত মাত্ৰ ২৪ মাৰ্চ বাদ দি আটাইকেইতা দিনতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হ’ল।