05/04/2022 15:55:41 PM Moutushi 29
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। ৫ এপ্ৰিল মঙ্গলবাৰে ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি কৰা হৈছে। মঙ্গলবাৰে পুনৰ পেট্ৰ’ল আৰু ডিজেলত বৃদ্ধি কৰা হৈছে ৮০ পইচা। ইয়াৰ লগে লগে বিগত ১৫ টা দিনত মুঠ ১৩ বাৰ বৃদ্ধি কৰা হ’ল ইন্ধনৰ মূল্য।
উল্লেখ্য যে প্ৰতি দিনে লিটাৰে প্ৰতি ৮০ পইচাকৈ বৃদ্ধি কৰাৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য মাত্ৰ ১৩ দিনতে ৯ টকাতকৈও অধিক বৃদ্ধি পালে। মঙ্গলবাৰে পুনৰ ইন্ধনৰ মূল্য বৃদ্ধি কৰাৰ ফলত দিল্লীত পেট্ৰ’ল প্ৰতি লিটাৰত ১০৪.৬১ টকা আৰু ডিজেল ৯৫.৮৭ টকালৈ ব্যয়বহুল হৈছে। মুম্বাইত, পেট্ৰ’ল প্ৰতি লিটাৰত ১১৯.৬৭ টকা আৰু ডিজেল ১০৩.৯২ টকালৈ বৃদ্ধি হৈছে।