06/04/2022 14:12:52 PM Moutushi 997
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটী টাইকেৱানডু একাডেমীৰ প্ৰশিক্ষাৰ্থী মৈত্ৰেয়ী শৰ্মাই দক্ষিণ কোৰিয়াৰ কোয়ামত অনুষ্ঠিত হবলগীয়া বিশ্ব চেম্পিয়নশ্বিপত অংশগ্রহণৰ বাবে মনোনীত হৈছে। লগতে একাডেমীৰ প্ৰশিক্ষাৰ্থী প্ৰীতম কিশোৰ বৰাই প্ৰথম বাৰৰ বাবে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে মনোনীত হৈছে। দুয়োগৰাকী কৃতি খেলুৱৈ অহা ২১ এপ্ৰিলৰ পৰা ২৪ এপ্রিললৈ দক্ষিণ কোৰিয়াত অনুষ্ঠিত হবলগীয়া বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব।উল্লেখ্য উত্তৰ গুৱাহাটীৰ টাইকেৱানডু একাডেমীৰ মুখ্য প্ৰশিক্ষক তথা কামৰূপ জিলা টাইকেৱানডু এছোছিয়েশ্বন প্ৰাঞ্জল বুঢ়াগোঁহাইৰ তত্বাবধানত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। অহা ১৯ এপ্ৰিলত দুয়োগৰাকী খেলুৱৈ দক্ষিণ কোৰিয়ালৈ উড়া মাৰিব।