গোলাঘাটত গামোচা মেলা আৰম্ভ


07/04/2022 22:28:54 PM   Moutushi         37







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
গোলাঘাট
: গোলাঘাট জিলাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত বিভাগটোৰ গোলাঘাট নগৰত থকা শিপিনী সম্প্ৰসাৰণ কেন্দ্ৰত আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উপলক্ষে থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত গামোচা মেলা অনুষ্ঠিত হৈছে । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আজি এই মেলাখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । জিলাখনৰ সৰুপথাৰ, দেৰগাঁও, বোকাখাত আদি বিভিন্ন ঠাইৰ পৰা অহা শিপিনীয়ে অংশ লোৱা মেলাখনত গামোচা, মেখেলা-চাদৰ আৰু হাতে বোৱা বিভিন্ন কাপোৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । অনুষ্ঠানত দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে শিপিনীসকলক শুভেচ্ছা জ্ঞাপন কৰি এই মেলা সফল কৰাৰ বাবে ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায় । তেওঁ বজাৰত কোনো কাৰণতে মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী নকৰিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ দিয়ে । তেওঁ কয় যে হস্ততাঁত ( উৎপাদিত সামগ্ৰী সংৰক্ষণ ) আইন, ১৯৮৫ ৰ অধীনত গামোচা তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত হাতেবোৱা বস্ত্ৰ বিদ্যুৎচালিত তাঁতশালত উৎপাদন কৰাটো নিষিদ্ধ । এই নিষেধাজ্ঞা পালন নকৰিলে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে । স্থানীয় শিপিনীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয় কৰি তেওঁলোকক উৎসাহিত কৰাটো সকলোৰে দায়িত্ব বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে কয় যে ইতিমধ্যে এনে ব্যৱসায়ীক ধৰা পেলোৱাৰ বাবে তিনিটা বলৱৎকাৰী বাহিনী ( Enforcement Squad) গঠন কৰা হৈছে । আনহাতে মেচিনত প্ৰস্তুত কৰা নিম্নমানৰ গামোচা বৰ্জন কৰি তেওঁ উন্নত মানৰ হাতেবোৱা গামোচা ক্ৰয় কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত গোলাঘাট জিলাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক ফকৰুদ্দিন আহমেদে জিলাখনৰ শিপিনীয়ে হাতেবোৱা গামোচা ক্ৰয় কৰি তেওঁলোকক অনুপ্রানিত কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী কৰা ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে গঠন কৰা বাহিনীয়ে অচিৰেই ব্যৱসায় প্রতিষ্ঠানসমূহত অভিযান চলাব । তেওঁ হাতেবোৱা গামোচাৰ সন্মান ৰক্ষা কৰি মেচিনত প্ৰস্তুত কৰা গামোচা বৰ্জন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত ৰেচম বিভাগৰ সহকাৰী সঞ্চালক চন্দন শ্ব'ৰ লগতে বিভাগটোৰ ভালেসংখ্যক কৰ্মচাৰী উপস্থিত আছিল ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17802
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        occasion Rangali Bihu programme Weavers Extension Centre