গোলাঘাটত মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰীত নিষেধাজ্ঞা


09/04/2022 13:44:25 PM   Moutushi         38







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ গোলাঘাটঃ গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বজাৰত কোনো কাৰণতে মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী নকৰিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ দিছে । যিহেতু হস্ততাঁত ( উৎপাদিত সামগ্ৰী সংৰক্ষণ ) আইন, ১৯৮৫ ৰ অধীনত গামোচা তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত হাতেবোৱা বস্ত্ৰ বিদ্যুৎচালিত তাঁতশালত উৎপাদন কৰাটো নিষিদ্ধ । এই নিষেধাজ্ঞা পালন নকৰিলে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিছে । উপায়ুক্তগৰাকীয়ে ইতিমধ্যে এনে ব্যৱসায়ীক ধৰা পেলোৱাৰ বাবে তিনিটা বলৱৎকাৰী বাহিনী ( Enforcement Squad) গঠন কৰি দিছে । মেচিনত প্ৰস্তুত কৰা নিম্নমানৰ গামোচা বৰ্জন কৰি তেওঁ উন্নত মানৰ হাতেবোৱা গামোচা ক্ৰয় কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে । মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী কৰা ব্যৱসায়ী সকলক নিয়ন্ত্ৰণ কৰাৰ বাবে গঠন কৰা বাহিনীয়ে আজি গোলাঘাট নগৰৰ বিভিন্ন ব্যৱসায় প্রতিষ্ঠানত অভিযান চলায় । গোলাঘাট মহকুমাৰ বাবে সহকাৰী আয়ুক্ত অম্লান ফুকনৰ নেতৃত্বত গঠন কৰা ৭ জনীয়া গোটে এই অভিযান চলায় ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Ban sale machine gamocha Golaghat