10/04/2022 16:12:54 PM Moutushi 19
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
৫ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পাছত দেশত ইন্ধনৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। ইয়াৰ প্ৰভাৱ পৰিছিল নিত্য প্ৰয়োজনীয় সামগ্ৰী ওপৰতো। সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। এনে পৰিস্থিতিৰ মাজতে ৰাইজক কিছু সকাহ দি বিগত ৪টা দিনে বৃদ্ধি হোৱা নাই পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি।
আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যত স্থিৰতা অহাৰ বাবেই বিগত ৪দিনে মূল্যবৃদ্ধি হোৱা নাই পেট্ৰল ডিজেলৰ। কিন্তু মূল্যবৃদ্ধি নহলেও এতিয়াও ৰাইজে ১লিটাৰ পেট্ৰলত ভৰিব লগা গৈছে ১০০ৰো অধিক টকা। ইফালে ৰাইজে দাবী কৰিছে যে, পেট্ৰলৰ মূল্য স্থিৰতা অনাৰ লগতে মূল্য কিছু হ্ৰাস পালেহে সকাহ পাব সাধাৰণ জনতাই।