ইক’ ক্লাৱৰ উদ্যোগত বিহু-ঝুমুৰৰ কৰ্মশালা


10/04/2022 16:49:18 PM   Moutushi         1051







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ছাত্ৰ- ছাত্ৰীক অসমৰ জাতীয় কৃষ্টি- সংস্কৃতিৰ প্ৰতি উৎসাহ আৰু আগ্ৰহ বৃদ্ধিৰ উদ্দেশ্যে চৰাইদেউ জিলাৰ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে ৷ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক’ ক্লাৱৰ উদ্যোগত, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু বিহু সুৰক্ষা সমিতি, অসমৰ শিৱসাগৰ জিলা সমিতিৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিহু-ঝুমুৰৰ কৰ্মশালা অনুষ্ঠিত হয় ৷

যোৱা ২ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা কৰ্মশালা খনি আজি অনুষ্ঠানিকভাৱে সামৰণি পৰে ৷ এই উপলক্ষত বিদ্যালয়খনৰ প্ৰেক্ষাগৃহ অনুষ্ঠিত সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক প্ৰণৱ গগৈ, মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ড° গীতিমনি হাতীকাকতিৰ লগতে প্ৰশিক্ষকসকল উপস্থিত থাকি বিহু আৰু ঝুমুৰ অসমৰ জনজীৱনত তথা বিশাল সংস্কৃতিৰ পৃথিৱী খনত ইয়াৰ গুৰুত্ব কিমান সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰী সকল অবগত কৰি বক্তব্য আগবঢ়াই ৷

ইয়াৰ পিচতেই শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে বিহুগীত, নৃত্য হুঁচৰি আৰু ঝুমুৰ প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে ৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17803
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Bihu Jhumur workshop Ikco Club industry