শনিবাৰৰ পৰা আৰম্ভ হৈছে অশোকাষ্টমী মেলা


10/04/2022 16:51:11 PM   Moutushi         1058







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অসমৰ ’শ্বেত নগৰী’ ৰূপে প্ৰখ্যাত ঐতিহাসিক কামাখ্যা পাহাৰৰ নামনিৰ লুইতৰ পাৰৰ শিলঘাটত শনিবাৰৰ পৰা আৰম্ভ হৈছে অশোকাষ্টমী মেলা৷ ইংৰাজে তথা বগা চাহাবে স্থাপন কৰাৰ বাবেই ’শ্বেত নগৰী’ হিচাপে প্ৰখ্যাত শিলঘাটৰ এই অশোকাষ্টমী মেলাৰ আছে এক সুকীয়া ইতিহাস৷ শালস্তম্ভ ৰজাৰ দিনতে স্থাপিত কামাখ্যা পাহাৰৰ কামাখ্যা মন্দিৰত যুগ যুগ ধৰি এই বসন্তৰ আগমনত চলি আহিছে বাসন্তী দূৰ্গোৎসৱ৷

ইয়াত ইতিহাসে ঢুকি নোপোৱা কালৰেপৰা চলি আহিছে ব্ৰহ্মপুত্ৰত স্নান কৰি পুণ্য অৰ্জনৰ এক জনবিশ্বাস৷ উল্লেখ্য যে, ১৯৩৫ চনতেই বৃটিছে পতা শিলঘাট টাউনৰ কামাখ্যা পাহাৰস্থিত কামাখ্যা মন্দিৰৰ নামনিত অশোকাষ্টমীৰ স্নান আৰম্ভ হৈছিল৷ অৱশ্যে ইয়াৰ প্ৰমাণিক তথ্য নাই যদিও বৃটিছ শাসন কালত উন্নত যাতায়ত ব্যৱস্থাৰ বাবে বহিঃ স্থানৰ পৰা এই স্থানলৈ ভক্তৰ সমাগম বৃদ্ধি পোৱা বুলি অনুমান কৰিব পাৰি৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Ashokastami Mela begins Saturday