গোৱালপাৰাত টাইকোৱান্ডো প্ৰতিযোগিতা


11/04/2022 22:39:11 PM   Moutushi         929







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ গোৱালপাৰাঃ গোৱালপাৰা জিলা টাইকোৱান্ডো সন্থাৰ উদ্যোগত গোৱালপাৰা চহৰৰ বিহুফিল্ড আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰথম সংখ্যক পশ্চিম সংমণ্ডল টাইকোৱান্ডো প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । প্ৰতিযোগিতাটোত গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী কোকৰাঝাৰকে আদিকৰি কেবাখনো জিলাৰ ৪ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে । উল্লেখযোগ্য যে গোৱালপাৰা জিলা টাইকোৱান্ডো সন্থাই নতুন নতুন প্ৰতিভা সন্ধানৰ উদ্দেশ্যৰে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে । প্ৰতিযোগিতাক কেন্দ্ৰ কৰি গোৱালপাৰাৰ বিহুফিল্ড উদুলি মুদুলি হৈ পৰিছে ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17802
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        first western division taekwondo competition