মথুৰাপুৰ অঞ্চলত পৰম্পৰাগত কড়ি খেল


12/04/2022 14:29:59 PM   Moutushi         1026







Gস্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাব ধৰা পৰম্পৰাক ধৰি ৰখা প্ৰয়াস কৰিছে চৰাইদেউ জিলা বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ ৰাইজে ৷ উল্লেখ যে, বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে সকলোকে চেপি ধৰাৰ হেতু অসমীয়া সমাজত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা বহু ৰীতিনীতি তথা পৰম্পৰাগত খেল-ধেমালি আমাৰ সমাজৰ পৰা হেৰাই যোৱা উপক্ৰম হৈছে ৷

তথাপি কিছু পুৰণি পৰম্পৰাগত খেল-ধেমালি ঠায়েঠায়ে সংকটৰ মাজেৰে হ’লেও জীয়াই ৰখা পৰিলক্ষিত হৈছে ৷ তেনে কিছু পুৰণি পৰম্পৰাগত খেল আজিও ঠাই বিশেষে বিদ্যমান ৷ অসমীয়া সমাজৰ তেনে এক পুৰণি তথা থলুৱা খেল হ’ল কড়ি খেল ৷ সম্প্ৰতি বিলুপ্ত হ’ব ধৰা এই খেলবিধ ৰঙালী বিহুৰ প্ৰাক্ মুহূৰ্তত অথবা চ’ত মাহৰ পৰা আৰম্ভ কৰি বিহুৰ উৰুকাৰ নিশালৈকে এই খেলবিধ খেলাৰ প্ৰচলন হৈ আহিছে উজনি অসমৰ বিভিন্ন ঠাইত ৷

পুৰণি পৰম্পৰা ৰক্ষা কৰি মথুৰাপুৰৰ গ্ৰামাঞ্চলসমূহত চ’ত মাহৰ মাজভাগৰ পৰা বিহুৰ উৰুকালৈকে প্ৰতি দিনাই সন্ধিয়া গাঁৱৰ ডেকা-বুঢ়া, কিশোৰ- যুৱক সকলে একত্ৰিত হৈ কড়ি খেল অনুষ্ঠিত কৰি আহিছে ৷সময়ৰ সোঁত হেৰাই যাবলৈ ধৰা পৰম্পৰাগত এই কড়ি খেলে নতুন প্ৰজন্মক বাৰু আকৰ্ষিত কৰিছে৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17802
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Traditional curry games Mathurapur area