12/04/2022 21:46:06 PM Moutushi 3158
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ গোৱালপাৰাঃ সমাগত ৰঙালী বিহু উপলক্ষে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান গোৱালপাৰা জিলাই জিলা প্ৰশাসনৰ সহযোগত গোৱালপাৰা মহাবিদ্যালয় খেল পথাৰত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অসমী বহাগী মেলা ২০২২ ৰ আজি সামৰণি পৰে । মেলাৰ জৰিয়তে জিলাখনৰ আত্মসহায়ক গোট সমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰী আৰু পৰদৰ্শনীৰ ব্যৱস্থা কৰা হয় ।
কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্র ছাত্ৰী আৰু আত্মসহায়ক গোট সমূহৰ মাজত পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা , বিহু নাচ প্ৰতিযোগিতা, পৰম্পৰাগত সাজপাৰ পৰিধান প্ৰতিযোগিতা, লোকগীত আৰু আধুনিক গীত প্ৰতিযোগিতা, আলোচনা চক্ৰ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।