কৌপতুপলি ৰংজালি বৈশাগুৰ সোণালী জয়ন্তী


13/04/2022 10:58:30 AM   Moutushi         994







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
কাজলগাঁওঃ
ৰাজ্যখনৰ ভিতৰতে প্ৰথমখন জনজাতি মঞ্চ বিহু হিচাপে খ্যাত চিৰাং জিলাৰ বিজনীৰ কৌপটুপলী ৰংজালি বৈশাগু আফাদৰ উদ্যোগত অহা ১৪, ১৫ আৰু ১৬ এপ্ৰিলত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে ৰংজালি বৈশাগুৰ সোণালী জয়ন্তী বৰ্ষপূৰ্তি উদযাপন কৰা হ'ব। কৌপতুপলি-মনেশ্বৰী খেলপথাৰত উদযাপিত হ'বলগীয়া উক্ত ৰংজালি বৈশাগুৰ কাৰ্যসূচী মৰ্মে অহা ১৪ এপ্ৰিলৰ পুৱা সাত বজাত গৰুক গা- ধুৱাই গৰু বিহু উদযাপন কৰা হ'ব। ইয়াৰ পাছতেই পুৱা ৮.৩০ বজাত পতাকা উত্তোলন, পুৱা ৯.৩০ বজাৰ পৰা বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব ৷ অহা ১৫ এপ্ৰিলৰ পুৱা ৮ বজাত বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়কে গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিব।
পুৱা ৯ বজাৰ পৰা থলুৱা বাদ্যযন্ত্ৰ বজোৱা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ১৬ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'বলগীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে । দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া "লাংদাং বৈশাগু" অৰ্থাৎ মুকলি বিহু উদ্বোধন কৰিব পদ্মশ্ৰী ড৹ মংগলসিং




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17802
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Kauptupali Rangjali Vaishagu Golden Jubilee