14/04/2022 12:49:11 PM Moutushi 978
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ কামৰূপঃ আজি গৰু বিহু। অসমৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিন। আজি পৰম্পৰা অনুসৰি প্ৰতিগৰাকী অসমীয়াই পুৱাৰ ভাগত গৰুক মাহ হালদি সানি জলাশয়ত গা ধুৱাই নতুন পঘাৰে বান্ধে। কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে বিগত দুটা বছৰ অসমীয়া ৰাইজে অনুষ্টুপীয়া কৈ গৰু বিহু পালন কৰিছিল যদিও এই বেলি কোভিডৰ নীতি নিয়ম শিথিল হোৱাত গঞা ৰাইজে উৎসাহ উদ্দীপনাৰে গৰু বিহু পালন কৰি আছে। অৱশ্যে বতৰে বিধি পথালি দিয়া স্বত্বেও ৰাইজে বিহুৰ পৰম্পৰা অক্ষুন্ন ৰাখিছে। আজি পুৱাৰে পৰা সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ বিভিন্ন নৈ উপনৈ আৰু জলাশয়ত গৰুক গা ধুৱাই ৰং ৰৈ চৈ কৰা পৰিলক্ষিত হৈছে । ৰঙিয়া কেকেনিকুচি, জয়ন্তীপুৰ, বালিসত্ৰ আদি অঞ্চলৰ জলাশয়ত আজি পুৱাৰে পৰা এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। গাৱৰ জিয়ৰী বোৱাৰী লগ লাগি জলাশয়ৰ পাৰত বিহু গীত গাই মতলীয়া হৈ পৰিছে । যুৱক সকলে গৰুক গা ধুৱোৱাৰ সময়ত 'লাউ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, বাপ সৰু মা সৰু তুই হবি বৰ গৰু' আদি গাই গাই দীঘলতি মাহিয়তী দি কোবাই গৰুৰ সু স্বাস্থ্য কামনা কৰে৷ ৰঙিয়াৰ উপৰিও কমলপুৰ, বেজাৰা , হাজো উত্তৰ গুৱাহাটী, বকো পলাশবাৰী ছয়গাও ঁ আদি অঞ্চলতো পৰম্পৰা ৰক্ষা কৰি গৰু' বিহু পালন কৰাৰ বাতৰি পোৱা গৈছে। বৰ্তমান সময়ত গৰুৰ সংখ্যা কমি গৈছে যদিও বিগত এপষেক কাল ধৰি নেৰানেপেৰা বৰষুণৰ ফলত জলাশয় সমূহ পানীৰে উপচি পৰাত ৰাইজৰ মাজত উৎসাহ দুগুন বৃদ্ধি পাইছে। পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত আনন্দ মনেৰে ৰাইজে গৰু বিহু পালন কৰি আছে ।