ভেবাৰঘাট প্ৰাথমিক বিদ্যালয়ত ৰঙালী বিহু


14/04/2022 17:30:22 PM   Moutushi         963







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মঙলদৈৰ ভেবাৰঘাট প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়ৰ ছাত্র- ছাত্রী তথা শিক্ষক শিক্ষয়িত্ৰী সকলে বুধবাৰে প্ৰাক ৰঙালী বিহু উদযাপন কৰে । শিক্ষানুষ্ঠাখনৰ প্ৰধান শিক্ষক আৰু সহ শিক্ষক শিক্ষয়িত্ৰী সকলৰ সহযোগিতাত প্ৰাক্-ৰঙালী বিহু আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয়।

উক্ত অনুষ্ঠানত অভিভাৱক সকলেও অংশগ্ৰহণ কৰাতো আছিল প্ৰাক ৰঙালী উদযাপন এক অন্যতম লক্ষ্যনীয়। প্ৰাক ৰঙালী বিহু উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত একক বিহু নৃত্য ,ঢোল-বাদন, দলীয় নৃত্য উপৰিও বিহুৰ লগত জড়িত ঋতু,মাহ কাপোৰ,অলঙ্কাৰ,ফুল,কৃষি,বাদ্য যন্ত্ৰ আদিৰ ওপৰত বক্তৃতাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

আনহাতে অনুষ্ঠানৰ শেষত বক্তব্য প্ৰসংগত বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে অসমীয়া কলা-সংস্কৃতি ৰক্ষাৰ দৰে এটি মহান উদ্দেশ্য আগত ৰাখিয়েই তেওঁলোকে এনে এটি অনুষ্ঠান ৰঙালী বিহুৰ প্ৰাকক্ষণত বিদ্যালয়ত অনুষ্ঠিত কৰিছে বুলি মত পোষণ কৰে




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17802
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Rangali Bihu Vebarghat Primary School