আজি বহাগ বিহুৰ প্ৰথম দিন


14/04/2022 22:39:53 PM   Moutushi         951







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ ধুবুৰীঃ আজি বহাগ বিহুৰ প্ৰথম দিন। পুৱাত সাংস্কৃতিক সংগম নগৰী ধুবুৰীত গৰু বিহুৰ দিনাই উখল মাখল পৰিবেশ। গৃহস্থই গোহালিৰ গৰু হালৰ কুশল মঙ্গল কামনা কৰাৰ পিছতে ধুবৰী কালীবাড়ীৰ পৰা ধুবুৰীত বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ হৈ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উজাপন সমিতিৰ মূল অনুষ্ঠানত শোভাযাত্ৰা মিলিত হয়।শোভাযাত্ৰাত শিখ,জৈন, বৌদ্ধ, বঙালী, অসমীয়া,বিহাৰী মাৰোৱাৰী আদি বিভিন্ন সম্প্ৰদায় ভাষা-ভাষী ,সামাজিক আৰু সাংস্কৃতিক ব্যক্তি, সংগঠন সমূহে অংশগ্ৰহণ কৰে।শোভাযাত্ৰাত অসমীয়া সাজপাৰত কঁকাল ঘূৰাই বিহু নাছিল সুদূৰ জাৰ্মানীৰ ছোৱালী ধুবুৰীৰ বোৱাৰীয়ে।এই শোভাযাত্ৰাৰ জৰিয়তে অসমৰ সাতামপুৰুহিয়া এনাজৰী ডাল কটকটীয়া কৰাৰ চেষ্টা কৰা হয়। বিশিষ্ট সামাজিক কাৰ্যকর্তা দীপাংকৰ মজুমদাৰ সংৱাদ মাধ্যমৰ আগত জনায় যে আমি প্ৰতি বছৰে নিজ নিজ ঘৰত বিহু পালন কৰি আহিছোঁ।কিন্তু এইবেলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত আজি কালিবাৰী, ধুবুৰী বাজাৰ ব্যবসায় সমিতি, মাৰোৱাৰী যুৱ মঞ্চ, তেৰাপন্থ যুৱক পৰিষদ ,ধুবুৰী গুৰুদ্বাৰা শ্ৰীগুৰু তেগ বাহাদুৰ চাহিব এই শোভা যাত্ৰাত অংশ গ্ৰহণ কৰি এক অনন্য নিদৰ্শন দাঙি ধৰে৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17800
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Today first day Bohag Bihu