18/04/2022 08:34:35 AM Moutushi 29
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ মঙলদৈ :: অসমৰ কৃষকৰ বাবে বহাগ বিহুৰ প্ৰাক্ মুহুৰ্তত এটা সুখবৰ। দৰং জিলাত উৎপাদিত কেঁচা জলকীয়াই চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ বজাৰৰ চাহিদা পূৰণ কৰিবলৈ গৈ আছে। দুহাজাৰৰো অধিক প্ৰাথমিক কৃষক সদস্যৰে গঠিত মঙলদৈ মেনাপাৰাৰ নৰ্থ ইষ্ট ফাৰ্মাছ চাপৰ্ট আৰ্মী চমুকৈ নাফছা নামৰ কৃষক সংস্হাৰ দ্বাৰা উৎপাদিত এই কেঁচা জলকীয়া ৰপ্তানিৰ চুক্তিৰ প্ৰথম তিনি টন জলকীয়া ভৰ্তি ট্ৰাকৰ যাত্ৰাৰ ফ্লেগ জোকাৰি শুভাৰম্ভ কৰে উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই। এপাৰ্ট, জিলা কৃষি বিভাগ, ইফকো কিসান নামৰ কেবাটাও সংস্হাৰ সহযোগত সম্ভৱ হোৱা এইপ্ৰচেষ্টাই বিদেশৰ বজাৰ দখলৰ বাবে সুসংগঠিত হোৱাত উৎসাহিত হব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানত জিলা কৃষি বিষয়া জ্যোতিষ কুমাৰ নাথ প্ৰমুখ্যে বহু বিশিষ্ট লোক উপস্থিত থাকে।