20/04/2022 19:52:35 PM Moutushi 812
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
বৰপেটাঃ অসমৰ চুকে কোণে সিঁচৰতি হৈ থকা প্ৰতিভাবান যুৱ ক্ৰিকেট খেলুৱৈ সকলক বিচাৰি উলিয়াই উপযুক্ত প্ৰশিক্ষণেৰে তেওঁলোকক একোজন দক্ষ খেলুৱৈ হিচাপে গঢ় দিয়াৰ অভিযান আৰম্ভ কৰিছে অসম ক্ৰিকেট সন্থাই । এই লক্ষ্যৰে কালি আৰু আজি বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত পশ্চিম অসমৰ ছখন জিলাক সামৰি দুদিনীয়া এক বাচনি শিবিৰ অনুষ্ঠিত হয়। সেই অনুসৰি বৰপেটা , নলবাৰী , ধুবুৰী , কোকৰাঝাৰ, বঙাইগাঁও আৰু বজালী জিলাৰ দুই শতাধিক ল'ৰা আৰু ছোৱালী খেলুৱৈয়ে এই শিবিৰত যোগ দিছে। এই শিবিৰৰ পৰাই সাতজন খেলুৱৈক আজি অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত ক্ৰিকেট একাডেমিত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হয় । এই শিবিৰৰ সন্দৰ্ভত অসম ক্ৰিকেট সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য তথা বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সনাতন দাসে কয় যে অসমৰ চৌদিশে বহু প্ৰতিভাবান খেলুৱৈ আছে। কিন্তু প্ৰয়োজনীয় সুবিধাৰ অভাৱত তেওলোকে নিজৰ প্ৰতিভা প্ৰকাশৰ সুযোগ লাভ কৰা নাই। ইয়াৰ ফলত প্ৰতিভাশালী বহু খেলুৱৈ লোকচক্ষুৰ আৰত ৰৈ গৈছে। এনে শিবিৰে তেনে খেলুৱৈ সকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ দিব। শিবিৰৰ জৰিয়তে বাচনি হোৱা খেলুৱৈ সকলক অসম ক্ৰিকেট সন্থাই গুৱাহাটীত থকা সন্থাৰ ক্ৰিকেট একাডেমিত ভৰ্তি কৰি প্ৰয়োজনীয়ন প্ৰশিক্ষণ প্ৰদান কৰিব বুলিও দাসে জানিবলৈ দিয়ে।