বজাৰত মূল্যবৃদ্ধিৰ জুই, ব্যাপক হাৰত বৃদ্ধি


02/05/2022 13:36:55 PM   Moutushi         24







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ইছলামধৰ্মী লোক সকলে সম্পূৰ্ণ এমাহ ৰমজানৰ ৰোজা ৰখাৰ পাছত কাইলৈ বছেৰেকীয়া ঈদ উৎসৱ পালন কৰিব। সমগ্ৰ বিশ্বৰ লগতে অসমৰো ইছলাম ধৰ্মৰ লোক সকলে ঈদৰ প্ৰস্তুতি চলাইছে।

বিগত দুটা বৰ্ষত কৰোনা মহামাৰীৰ আতংকৰ বাবে অনুষ্টুপীয়াকে ইদ উদযাপন কৰাৰ পাছত এইবেলি মুকলি মনেৰে পবিত্ৰ ইদ উল ফিটৰ উৎসৱ পালনৰ বাবে ব্যপক উৎসাহ পৰিলক্ষিত হৈছে। কিন্ত সম্প্ৰতি মূল্যবৃদ্ধিৰ বাবে সাধাৰণ খাটিখোৱা লোক সকলে ইদ উদযাপন কৰিবলৈ গৈ থমকি ৰব লগা হৈছে।

বৰ্তমান বজাৰত মূল্যবৃদ্ধিৰ জুই, ব্যাপক হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। যোগান বিভাগক অস্তিত্বহীন কৰি নিয়ন্ত্ৰনহীন ভাৱে বৃদ্ধি হোৱা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যই মাধমাৰ সোধাইছে সাধাৰণ জনতাক।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17802
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Market price rise fires massive