03/05/2022 13:57:21 PM Moutushi 51177
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বোকাখাত ম’হকুমাৰ কমাৰগাঁৱৰ বুধবাৰী গাঁৱৰ ৰুনু বৰুৱা নামৰ বিশেষ ভাবে সক্ষম এগৰাকী যুৱতীৰ কাব্য সংকলন ‘মোৰ অনুভৱৰ পদূলিত’ আৰু উপন্যাস ‘আবদ্ধ কোঠাৰ বিননি’ মঙলবাৰে উন্মোচন কৰা হয়।
উন্মোচন কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়াই। উল্লেখ্য যে বিদ্যালয়- মহাবিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ স্নাতক ডিগ্ৰী লাভ কৰা ৰুনুৰ ২০১৯ চনৰ ২ মে’ত মৃত্যু হয়।
জীৱিত কালতে সাহিত্য চৰ্চা কৰা ৰুনুৰ বহুতো লেখা অপ্ৰকাশিত হৈ থাকিল। পৰিয়ালৰ তৰফৰ পৰা ৰুনুৰ মৃত্যুৰ পাছত প্ৰকাশ কৰি উলিওৱা হয় উল্লিখিত গ্ৰন্থ দুখন।আজি তৃতীয় সংখ্যক মৃত্যু দিৱসত ৰুনুৰ বাসগৃহত কেইবাগৰাকীও ব্যক্তিৰ উপস্থিতিত গ্ৰন্থ দুখন উন্মোচন কৰা হয়।