সুধাংশু ধুলিয়াক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান


07/05/2022 20:12:44 PM   Moutushi         3436







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়াক এক নিৰ্দেশনাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। ভাৰতীয় সংবিধানৰ ১২৪ নং অনুচ্ছেদৰ ২ নং অনুসূচী অনুসৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্য়ায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। ভাৰত চৰকাৰৰ অতিৰিক্ত সচিব ৰাজিন্দৰ কাশ্যপে শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতিৰ এই নিৰ্দেশনা জাৰি কৰিছে। আনহাতে গুজৰাট উচ্চ ন্যায়ালয়ৰো মুখ্য ন্য়ায়াধীশগৰাকীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        SudhanshuDhulia appointed Supreme Court judge