08/05/2022 15:08:21 PM Moutushi 50254
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
এগৰাকী আপোচবিহীন ,স্বাভিমানী সাংবাদিক । জনমুখী সাংবাদিকতাৰ সমান্তৰাল ভাৱে অসমীয়া ভাষা আৰু কাব্য সাহিত্যৰ জগতলৈকো মেটমৰা অৱদান আগবঢ়াই গৈছে নিজস্ব সৃষ্টিশীল সাহিত্যৰাজীৰে । এইগৰাকী নীৰৱ সাহিত্য সাধক হ’ল ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ শৰৎ চন্দ্ৰ নেওগ। আহোম ৰাজত্ব কালৰ আহোম যুগৰ এক কিম্বদন্তি নাৰী চৰিত্ৰৰ গতানুগতিক আৰু কথিত জীৱন গাঁথাক প্ৰত্যাহ্বান জনাই নিজৰ অনিসন্ধিৎসু চিন্তা চেতনা আৰু গৱেষণালব্ধ অধ্যয়নৰ পৰিশেষত সম্পূৰ্ণতাৰ মুখ দেখিলে “জেৰেঙাৰ উচুপনি- হত্যাকাৰীৰ সন্ধানত ” শীৰ্ষক ত্বতগধূৰ গ্ৰন্থই।
মহাসতী জয়মতীৰ তথাকথিত প্ৰবাদ আৰু ইতিহাসৰ বিপৰীতে এক ৰূঢ় বাস্তৱক জন দৃষ্টিলৈ গভীৰ প্ৰত্যয়েৰে আনি প্ৰকাশ কৰা এই “জেৰেঙাৰ উচুপনি” গ্ৰন্থখন শনিবাৰে উন্মোচন কৰে বিশিষ্ট তাই পণ্ডিত, পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী যোগেন্দ্ৰ নাথ মহনে । লখিমপুৰ জিলাৰ আজাদ বৰচৰিয়াত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৩৯ সংখ্যক অধিবেশনৰ শনিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অদ্যপি অপ্ৰকাশিত বিভিন্ন তথ্য সম্ভাৰেৰে পৰিপুষ্ট গ্ৰন্থখন উন্মোচন কৰা হয়।