11/05/2022 17:53:30 PM Moutushi 1553
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বিগত দুবছৰত ক’ভিড পৰিস্থিতিৰ কাৰণে যি সকল ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ লগতে শিক্ষানুষ্ঠানৰ পৰা ব্যৱধান সৃষ্টি হৈছিল সেই সকল ছাত্ৰ ছাত্ৰীক পুনৰ বিদ্যালয় মুখী কৰি চাৰি মহীয়া বিশেষ শিক্ষাদানৰ কৰাৰ লক্ষ্যৰে চিৰাং জিলা প্ৰশাসনে “প্ৰজেক্ট কেচআপ” নামৰ এক অভিনব আঁচনি গ্ৰহণ কৰিছে ।
সেই আঁচনি বাস্তৱক্ষেত্ৰত সফল ৰূপায়নৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ সহায় সহযোগ বিচাৰি মঙলবাৰ বিয়লিৰ ভাগত কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এটা সভা অনুষ্ঠিত হয় । উক্ত সভাত ছাত্ৰ সংগঠন এবছু, আক্ৰাছু,আগছু, এবিএমছুৰ উপৰি জিলা খনৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠনৰ নেতৃত্ববৰ্গ অংশগ্ৰহণ কৰে ।
সভাত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জিলা খনৰ শিক্ষাখণ্ডৰ উপৰি স্বাস্থ্য, অঙ্গনাবাদী কেন্দ্ৰ,খাদ্য সুৰক্ষাৰ কাৰ্ড আদি কৰি বিভিন্ন জনকল্যাণমূলক আঁচনি সমূহৰ দ্বাৰা সমাজৰ সকলো স্তৰৰ লোকে যাতে লাভান্বিত হব পাৰে তাৰ বাবে প্ৰশাসন যন্ত্ৰক সহায়ক হব পৰাকৈ কাম কৰি যাবলৈ আহ্বান জনায় । সভাত উপস্থিত ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গ সকলে জিলা খনত শিক্ষাৰ গুণগত মানদণ্ড বৰ্তাই ৰাখিবলৈ প্ৰথমতে শিক্ষকৰ নাটনি সমস্যাটো দুৰ কৰিবলৈ দাবী উত্থাপন কৰে ।