11/05/2022 18:20:42 PM Moutushi 1909
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত দুৰ্নীতি।মুখ্যমন্ত্ৰী অধীনত থকা লোক নিৰ্মাণ বিভাগত দুৰ্নীতি। মুখ্যমন্ত্ৰী বিভাগত ঠিকাদাৰ ধৰ্মজ্যোতি বৰদলৈ সংঘটিত কৰিছে এই দুৰ্নীতি ।
মৰিগাঁওত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি। পথ নিৰ্মাণৰ নামত অতি নিম্নমানৰ কাম কৰিছে ঠিকাদাৰ ধৰ্মজ্যোতি বৰদলৈয়ে।দহ দিন পূৰ্বে নিৰ্মাণ কৰা পথতোৰ ঠায়ে ঠায়ে এৰি গৈছে ব্লেক টপিং।মাটিৰ ওপৰতে ব্লেক টপিং কৰাত চকলা চকলিকৈ এৰি যায়।
এই পথটো মৰিগাঁও সদৰ সমষ্টিৰ বাচনা ঘাটৰ পৰা এজাৰবাৰীলৈ ৩ কোটি ৩২ লাখ টকাৰে নিৰ্মান হৈ থকা ৬.২৫ কিলোমিটাৰ দৈৰ্ঘৰ পথ। বিগত ২০২১ চনৰ ১২ মে’ত আৰম্ভ হোৱা পথ নিৰ্মাণৰ কামটো চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হ’ব লাগিছিল যদিও এতিয়াও কিছু কিছু ঠাইত আৰম্ভ নোহোৱাকৈ আছে পথ নিৰ্মাণৰ কাম।