অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী যুৱতীয়ে


11/05/2022 18:37:00 PM   Moutushi         295







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মৰিয়নিৰ তথা সমগ্ৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী যুৱতীয়ে। মৰিয়নি সমষ্টিৰ এক ভিতৰুৱা অঞ্চল চেলেং ইটাখোলাৰ প্ৰিয়ংকা মাঝি নামৰ যুৱতীগৰাকী আমন্ত্ৰিত হৈছে ডুবাইত অনুষ্ঠিত হব লগা আন্তৰাষ্ট্ৰীয় মোৱাই-থাই কিক বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে।

মনকৰিবলগীয়া আৰ্থিকভাবে স্বচ্ছল নোহোৱাৰ বাবেই প্ৰিংয়কাই আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহনৰ বাবে আমন্ত্ৰণ লাভ কৰিও যাতায়তৰ ব্যয় বহন কৰিবলৈ সক্ষম নোহোৱাত সম্প্ৰতি বিপাঙত পৰিছে প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকী।

উল্লেখ্য যে পাঞ্জাৱ,হাৰিয়ানা, আদিকে ধৰি দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত সুনাম অৰ্জন কৰাৰ লগতে ২০২১চনত মণিপুৰত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ হৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল প্ৰিয়ংকা মাঝি।কিন্ত সম্প্ৰতি অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকীয়ে ডুবাইলৈ যাত্ৰা কৰিবৰ বাবে আৰ্থিক দৈন্যতা হেঙাৰ হৈ পৰিছে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17800
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        young woman good news sports arena Assam