12/05/2022 13:19:22 PM Moutushi 2141
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
উচ্চতম ন্যায়ালয়ে বুধবাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে এক ঐতিহাসিক অন্তৰ্ৱতীকালীন নিৰ্দেশযোগে ব্ৰিটিশ আমোলৰ ৰাষ্ট্ৰদ্ৰোহ আইনৰ প্ৰয়োগৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰে।
ৰাষ্ট্ৰদ্ৰোহ অপৰাধৰ সৈতে জড়িত ভাৰতীয় দণ্ডবিধইৰ ধাৰা ১২৩-এৰ অধীনত ৰুজু কৰা গোচৰৰ সকলো বিচাৰ, আপীল তথা কাৰ্যধাৰা স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ এন ভি ৰামানাৰ নেতৃত্বত এই সম্পৰ্কীয় গোচৰৰ শুনানি কালত ৩ জনীয়া ন্যায়ধীশৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে।
নিৰ্দেশত কোৱা হৈছে যে কেন্দ্ৰই পুনৰ বিবেচনা নকৰা পৰ্যন্ত ৰাষ্ট্ৰদ্ৰোহ আইনৰ প্ৰয়োগ স্থগিত ৰখা হৈছে। এই আইনৰ অধীনত কোনো গোচৰ কেন্দ্ৰ বা ৰাজ্য চৰকাৰে ৰুজু কৰিব নোৱাৰিব। লগতে এই আইনৰ অধীনত পূৰ্বে ৰুজু হোৱা গোচৰৰ ভিত্তিত কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিব।