মাহৰ ৩১ তাৰিখলৈকে জীপ ছাফাৰী মুকলি ৰখা হ’ব কাজিৰঙাত


13/05/2022 15:01:25 PM   Moutushi         63







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বাৰিষা সমাগত যদিও কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰিবলৈ অহা দেশ-বিদেশৰ পর্যটকৰ আগমন অব্যাহত আছে। কাজিঙালৈ পৰ্যটকৰ আগমন অব্যাহত থকাত উদ্যান কর্তৃপক্ষই ৰাষ্ট্রীয় উদ্যানখনত পর্যটকৰ সুবিধার্থে চলিত মাহৰ ৩১ তাৰিখলৈকে জীপ ছাফাৰী মুকলি ৰখা হ’ব বুলি জাননী যোগে অৱগত কৰিছে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈয়ে দিয়া এক নিৰ্দেশ মৰ্মে ২০২১-২২ পৰ্যটন বৰ্ষত চলি থকা এলিফেণ্ট ছাফাৰী ১মে’ৰ পৰা বন্ধ ঘোষনা কৰিছিল।

একেখন নির্দেশনাতেই ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা, বাগৰি বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চলত ১৫ মে’ লৈকে জীপ ছাফাৰী অব্যাহত থাকিব বুলি জনাইছিল। বাৰিষা অহাৰ লগে লগে অত্যধিক বৰষুণৰ ফলত পর্যটকে উদ্যানৰ ভিতৰত ভ্ৰমণ কৰা বাট পথবোৰ বোকাময় হৈ পৰাৰ ফলত জীপ ছাফাৰী কৰাত সমস্যাৰ সৃষ্টি হয়। আনহাতে বাৰিষাৰ সময়ত বন্যপ্রাণীবোৰে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা পথবোৰ একপ্রকাৰ আশ্রয় স্থান হিচাপে ব্যৱহাৰ কৰে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Jeep safari released Kaziranga till 31am