13/05/2022 15:10:30 PM Moutushi 63
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
উজনি অসমৰ কেইবাখনো জিলাৰ লোকৰ জীৱন-জীৱিকা বিপন্ন কৰিব পৰা নামনি সোৱণশিৰি প্রকল্পৰ উৎপাদন অচিৰেই আৰম্ভ হব। বিভিন্ন জাতীয় দল-সংগঠন তথা সাধাৰণ জনতাৰ প্ৰতিবাদ মষিমূৰ কৰি চলিত বৰ্ষৰ আগষ্টৰ পৰাই বিদ্যুৎ উৎপাদন হোৱাৰ পূর্ণ সম্ভাৱনা ব্যক্ত কৰিলে ৰাইজৰ দলৰ সভাপতি তথা বৃহৎ নদী বান্ধ বিৰোধী আন্দোলনৰ অন্যতম নেতা অখিল গগৈয়ে।
যোৱা বৃহস্পতিবাৰে লখিমপুৰত দলীয় ভিন্ন কাৰ্যসূচীত অংশ লোৱা বিধায়ক গগৈয়ে একপ্রকাৰ হাত দাঙি সংবাদ মাধ্যমৰ সন্মুখত আক্ষেপেৰে কয়- ‘নামনি সোৱণশিৰি প্রকল্পৰ নিৰ্মাণ ৰোধ কৰাটো অত্যন্ত কঠিন। তেওঁ লগতে জাতীয় সংগঠনসমূহক পুনৰবাৰ ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়।
উল্লেখ কৰা প্ৰয়োজন যে, বৃহৎ নদী বান্ধৰ বিৰুদ্ধে অসম জাতীয় পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আছুকে ধৰি কেইবাটাও জাতীয় সংগঠনে দীৰ্ঘদিন প্ৰতিবাদ অব্যাহত ৰাখিছিল যদিও অৱশেষত সেই প্ৰতিবাদে কোনো ফল নধৰা পৰিলক্ষিত হৈছে।