13/05/2022 15:13:11 PM Moutushi 601
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
সদৌ চুতীয়া জাতি সন্মিলন,অসমৰ প্ৰধান সম্পাদক তথা বিহপুৰীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হৰেণ চুতীয়াৰ কালি নিশা নলবাৰীত আকস্মিকভাৱে মৃত্যু হয়।
অসম জাতীয় পৰিষদৰো উপ সভাপতি চুতীয়াই তেওঁৰ বৰ জীয়ৰী তথা নলবাৰীৰ তথ্য আৰু জনসংযোগ বিষয়া চুম্পি চুতীয়াৰ বাসগৃহত নিশা আকস্মিকভাৱে মৃত্যুক সাৱটি লয়। বিহপুৰীয়াৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত চুতীয়াৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ৷