13/05/2022 15:15:37 PM Moutushi 61
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
আপোনাৰ বাহনত ইন্ধন নাছিল নেকি? যদিহে নাই তেন্তে আপুনি আজি বাহনখন লৈ ওলাই নাহিব। কিয়নো আপোনাৰ বাহনত ইন্ধন ভৰাবলৈ আজি গুৱাহাটীত বন্ধ থাকিব সকলো পেট্ৰল পাম্প।
শুকুৰবাৰে গুৱাহাটী মহানগৰীত নাপাব পে’ট্ৰল আৰু ডিজেল। পুৱা ৫ বজাৰ পৰা কাইলৈ পুৱা ৫ বজালৈ বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ সকলো পে’ট্ৰল ডিপো। তৈল কোম্পানীৰ প্ৰৱঞ্চনাৰ প্ৰতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেল ডিপো মালিক সন্থাই।
ইফালে তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে যে, ১৫ মে’ত সমস্যা সমাধান নহ’লে অনিৰ্দিষ্টকাললৈ বন্ধৰ ডিপোসমূহ বন্ধ থাকিব। ১৬ মে’ৰ পুৱা ৫ বজাৰ পৰা সকলো ডিপো বন্ধ কৰি দিয়াৰ ঘোষণা কৰিছে তেল ডিপো মালিক সন্থাই।