13/05/2022 15:21:18 PM Moutushi 776
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
কামৰূপ জিলাৰ বকোত পুত্ৰই পিতৃক দাৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত নোৱাপাৰাগাঁৱত আজি ৰাতিপুৱা হিটলাৰ বসুমতাৰী(৬১ )নামৰ লোকগৰাকীৰ পৰা তেখেতৰ পুত্ৰ ৰিদীপ বসুমতাৰী (১৮) এ টকা বিচাৰে ।
জানিবপৰা মতে পিতৃ হিটলাৰ বসুমতাৰীয়ে ঘৰৰ বাৰীৰ গছ এজোপা বিক্ৰী কৰিছিল। যিজোপা গছৰ বিক্ৰী কৰা ধন পুত্ৰ ৰিদিপ বসুমতাৰীয়ে পিতৃৰ পৰা বিচাৰে । কিন্ত পিতৃয়ে পুত্ৰক ধন দিবলৈ সন্মত নোহোৱাত প্ৰথমতে পিতা-পুত্ৰ দুয়োৰে মাজত প্ৰথমে কাজিয়া-পেচাল হয় । সেই কাজিয়া-পেচালে এনে ৰূপ লয় যে খঙৰ ভমকত পুত্ৰই ঘৰত থকা দাখনেৰে পিতৃৰ ডিঙিত ঘপিয়াই দিয়ে ।