সৰুক্ষেত্ৰীৰ চৰকাৰী ভূমি তথা বিল জলাশয়ত চলিছে ব্যাপক বেদখল


13/05/2022 15:25:20 PM   Moutushi         64







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
সৰুক্ষেত্ৰীৰ চৰকাৰী ভূমি তথা বিল জলাশয়ত চলিছে ব্যাপক বেদখল ।হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি অবৈধ ভাবে আৰু জনপ্ৰতিনিধিৰ সহযোগত দখল কৰি নিশাটোৰ ভিতৰতেই প্ৰব্ৰজিত লোকে গাওঁ পাতিছে । সৰুক্ষেত্ৰীত অবৈধ ভাবে দখল কৰি গাওঁ পতা চৰকাৰী ভূমিত নিৰ্মাণ কৰা হৈছে চৰকাৰীভাৱে আবণ্টিত গৃহ,চৰকাৰী আঁচনিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে পথ ৷ তদুপৰি , দুৰ্নীতি অনিয়ম সংঘটিত কৰি বিদ্যুত বিভাগৰ পৰা দিয়া হৈছে বিদ্যুত সংযোগ ।সৰুক্ষেত্ৰীৰ খিলঞ্জীয়া ৰাইজক আক্ৰমণ কৰি অনুপ্ৰবেশকাৰী তথা পমুৱা মুছলমানে চলাইছে ব্যাপক অবৈধ দখল ।

পমুৱা তথা প্ৰব্ৰজিত লোকৰ আগ্ৰাসনত অস্তিত্বহীন হৈ পৰিছে সৰুক্ষেত্ৰীৰ কেইবাখনো ৰিজাৰ্ভ তথা বিল জলাশয় ।ঐতিহাসিক কাপলা বিলকে ধৰি সৰুক্ষেত্ৰীৰ বহু কেইখন বিল সম্প্ৰতি বেদখলকাৰীৰ কবলত পৰি অস্তিত্বহীন হৈ পৰিছে । আৰু বেদখলকাৰীয়ে জনপ্ৰতিনিধিৰ প্ৰৰোচনাত পৰিকল্পিত ভাবে দলবদ্ধ হৈ স্থানীয় ৰাইজক বৰ্বৰ ভাবে আক্ৰমণ কৰা ঘটনা কেইবাটাও সংঘতিত হৈছে । উল্লেখ্য যে নলবাৰী জিলাৰ দৌলাশালৰ ৰাইজৰ নামত আবন্ততিত বৰপেটা জিলাৰ গৰেমাৰী গাঁৱৰ ভূমি তথা মীন মহল আধি ঠিকাত লৈ অবশেষত গোজেই গঁজালি হৈ সেই দখল কৰি লৈ এতিয়া দৌলাশালৰ ৰাইজক বুঢ়া আঙুলি দেখুৱাই দিছে ভিন্ন প্ৰান্তৰ পৰা প্ৰব্ৰজিত হৈ অহা এই সকল লোকে দৌলাশালৰ ৰাইজক ওলোটাকৈ সেই ভূমিৰ অধিকাৰ উচ্ছেদ কৰিছে ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17800
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Massive encroachment swells government land