13/05/2022 15:40:45 PM Moutushi 61
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ৰাজ্যত অস্বাভাৱিক হাৰত দিনক দিনে নিবনুৱা সমস্যা বৃদ্ধি পোৱাটো নতুন কথা নহয় ৷ক্ৰমবৰ্ধমান হাৰত দ্ৰুত গতিত নিবনুৱা সমস্যাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বহিৰাগত মো’বাইল নেটৱৰ্ক এয়াৰটেল কোম্পানীৰ অধীনৰ বহুজাতিক কোম্পানীৰ দ্বাৰা প্ৰবঞ্চনাৰ বলি হোৱাৰ দিশে গতি কৰিছে ৰাজ্যৰ প্ৰায় ছয়শ থলুৱা শিক্ষিত নিবনুৱা যুৱক ৷ অনিশ্চয়তাৰ দিশে গতি কৰা জীৱন সংগ্ৰামত যেন দিশহাৰা হৈ জীৱনলৈ কাল অমানিশা নামি আহিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি বহুল প্ৰচাৰিত সকলোৰে পৰিচিত মোবাইল নেটৱৰ্ক এয়াৰটেল কোম্পানীৰ অন্তৰ্গত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অৱস্থিত টাৱাৰসমুহৰ চোৱাচিতা কৰাৰ দায়িত্বত প্ৰায় ছয়শ থলুৱা নিবনুৱা যুৱক জড়িত হৈ আছে ৷ উল্লেখ্য যে এয়াৰটেল কোম্পানীৰ অধিনত ইনডাচ নামৰ এটা বহুজাতিক কোম্পানীয়ে টাৱাৰৰ চোৱাচিতা কৰাৰ দায়িত্বত নিয়োজিত কৰ্মচাৰীসকলক পৰোক্ষভাৱে জি ফৰ এছ ফেচিলিটি ছাৰ্ভিচেছ।