নিচাজাতীয় টেবলেটসহ এগৰাকী যুৱকক হাটেলোটে গ্ৰেপ্তাৰ


13/05/2022 15:44:47 PM   Moutushi         61







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
গোৱালপাৰাত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। বৃহস্পতিবাৰে সন্ধিয়া গোৱালপাৰা টাউন আৰক্ষীয়ে চলায় এক সফল অভিযান।নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত চহৰৰ উপকণ্ঠ বৰপাহাৰৰ ঘুল্টুং বজাৰত চলোৱা অভিযানত বুজন পৰিমাণৰ নীলা আৰু অইন নিচাজাতীয় টেবলেটসহ এগৰাকী যুৱকক আৰক্ষীয়ে হাটেলোটে গ্ৰেপ্তাৰ কৰে।

নিজ গৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম হ’ল ৰফিকুল ইছলাম।যুৱকজনে ঘৰৰ চৌহদত গাঁত খান্দি অতি কৌশলেৰে বুজন পৰিমাণৰ নিচাজাতীয় নীলা টেবলেটসমূহ লুকুৱাই ৰাখিছিল। সম্প্ৰতি যুৱকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

আৰক্ষীৰ জেৰাত ড্ৰাগছৰ লগত জড়িত জিলাখনত বা কাষৰীয়া জিলাৰ ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে বুলি অনুমান কৰা হৈছে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17803
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        young man intoxicating tablet arrested Haletlot