মৰিগাঁও জিলাৰ মায়ঙৰ পকৰীয়া নৈত সংঘটিত হয় এক নাও দুৰ্ঘটনা


13/05/2022 15:46:49 PM   Moutushi         59







 স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মৰিগাঁও জিলাৰ মায়ঙৰ পকৰীয়া নৈত সংঘটিত হয় এক নাও দুৰ্ঘটনা।জাগীৰোড আৰু মায়ং থানাৰ সীমান্তবৰ্তী এলেকা কাউৰহাগী আৰু কলবাৰীৰ গাৱৰ মাজত নৈৰ মাজ ভাগত সংঘটিত দুৰ্ঘটনাটোত স্কুলীয়া ছাত্ৰী এগৰাকীৰ সলিলসমাধি ঘটে।ছাত্ৰী গৰাকীৰ নাম নিছাত বেগম।

কাউৰহাগী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমানৰ দহ বছৰীয়া কন্যা নিছাত বেগম। আন আঠ গৰাকী ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ সহকাৰী শিক্ষক এজনৰ সতে আন দিনাৰ দৰে আজিও ছুটীৰ পিছত বিদ্যালয়ৰ পৰা এখন তুলুঙা নাৱৰে ঘৰলৈ উভতি অহাৰ সময়তে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17800
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        boat accident took place Pakaria river