13/05/2022 15:48:50 PM Moutushi 63
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
নগাঁও জিলাৰ কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত কহিগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি দুখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। বিজ্ঞান, যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ সৌজন্যত শিক্ষয়িত্ৰী মায়ামনি দেৱীৰ তত্বাৱধানত “ইউৰেকা” শীৰ্ষক প্ৰাচীৰ পত্ৰিকা আৰু সাধাৰণ জ্ঞান, সাহিত্য সংস্কৃতি সংঘৰ সৌজন্যত শিক্ষয়িত্ৰী পলি বৰদলৈ আৰু পল্লৱী শৰ্মাৰ তত্বাৱধানত ‘ৰামধেনু’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা দুখনি প্ৰস্তুত কৰা হয়। আজি উক্ত দুইখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি ৰেৱত চন্দ্ৰ নাথ আৰু ড° জিতেন শৰ্মাই।